পৰিক্ৰমাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বাতৰি বিভাগ

নবীন শৰ্মা

আকাশবাণীৰ ডিব্ৰুগড় কেন্দ্ৰটি প্ৰতিষ্ঠা কৰা হয় ১৯৬৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৫ আৰিখে, লগতে অৰুণাচল প্ৰদেশৰ সাতটা জনগোষ্ঠীয় ভাষাত বাতৰি প্ৰচাৰৰ উদ্দেশ্যে ডিব্ৰুগড় কেন্দ্ৰত এজন সহকাৰী বাতৰি সম্পাদক, এজন সংবাদদাতা, দুজন উপ-বাতৰি সম্পাদকক লৈ এটি আঞ্চলিক বাতৰি বিভাগ গঠনৰ অনুমোদন লাভ কৰে। 

আকাশবাণী দিল্লী কেন্দ্ৰত কৰ্মৰত শ্ৰীপুলিন চাংকাকতি সহকাৰী বাতৰি সম্পাদক আৰু শ্ৰী চি আৰ মণ্ডলক সংবাদদাতাৰূপে ডিব্ৰুগড় কেন্দ্ৰৰ বাতৰি বিভাগটিৰ কাৰ্যভাৰ ল’বলৈ অনাতাঁৰ মন্ত্ৰালয়ে প্ৰেৰণ কৰে। ইতিমধ্যেই অৰুণাচলৰ শ্ৰোতাৰ বাবে প্ৰচাৰ হ’বলগীয়া অনুষ্ঠানৰ সাতটা ভাষাৰ ঘোষকসকল আহি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত যোগ দিয়ে। উপৰোক্ত সাতটা ভাষা আছিল- আদি, আপাটানি, নিচি, ৱাংচু, নক্তে, টাংচা আৰু ইদু-মিচিমি। অৰুণাচলৰ বাতৰি প্ৰচাৰৰ আৰম্ভণি কালত ঘোষক তথা বাতৰি পঢ়োতাৰ ৰূপত লুম্বেৰ দাই, ন’ন বহম, ৱানজং, তাটে হুই আৰু পৰৱৰ্তী সময়ত কেন্ট এটে, ডি চি মিহু আদি কেবাজন অৰুণাচলী যুৱক লগ পোৱা সহকৰ্মীৰ মাজত আছে। 

১৯৭৫ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ মলখুবছাস্থিত নৱনিৰ্মিত স্থায়ী কাৰ্যালয় ভৱনলৈ যোৱাৰ আগলৈকে কেন্দ্ৰটোৰ সকলো কামকাজ মিলন নগৰৰ ভাৰা ঘৰতে চলাই থকা হৈছিল। প্ৰথম অৱস্থাত কেন্দ্ৰটিৰ তত্বাৱধায়কৰূপে জ্যেষ্ঠ অনুষ্ঠান কাৰ্যবাহী বিষয়া শ্ৰী শ্যামানন্দ বৈশ্য আৰু চুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ মি বেনাৰ্জী(?)ৰ নিয়ন্ত্ৰণত কাম চলোৱা হৈছিল। কিছু পাছতহে কেন্দ্ৰৰ সঞ্চালকে এই কেন্দ্ৰত কাৰ্যভাৰ গ্ৰহণ কৰে। অৰুণাচলী শ্ৰোতাৰ বাবে ইংৰাজী ভাষতে যুগুত কৰা পুৱা গধূলিৰ দহ মিনিটীয়া বাতৰি বুলেটিনখন প্ৰস্তুত কৰোতে কেবাটাও উত্সৰপৰা বাতৰি সংগ্ৰহ কৰি প্ৰয়োজন সাপেক্ষে সম্পাদিত ৰূপত লিখি উলিওৱা হৈছিল। সেই উত্সকেইটা আছিল – ট্ৰেন্সস্ক্ৰিপচন অৰ্থাত আকাশবাণী দিল্লী কেন্দ্ৰৰদ্বাৰা প্ৰচাৰ কৰা পুৱা গধূলিৰ হিন্দী আৰু ইংৰাজী ৰাষ্ট্ৰীয় বাতৰি বুলেটিন দুখন ইঞ্জিনীয়াৰিং শাখাত ৰেকৰ্ড কৰি থোৱা হয়। ৰেকৰ্ডিং কৰা টেপ সংগ্ৰহ কৰি জাপানী NIPON UPTR ত বজাই হেড ফোন লৈ শুনি শুনি প্ৰয়োজন অনুযায়ী লিখি থোৱা হৈছিল।   

অসমৰ বিভিন্ন প্ৰান্তত বাতৰি বিভাগে নিয়োজিত কৰা বেচৰকাৰী সংবাদদাতা (Stringer) সকলৰ পৰা পোৱা তাৰবাৰ্তাসমূহ।  আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সংবাদদাতাই সংগ্ৰহ কৰা বাতৰি ইত্যাদিক লৈ অৰুণাচলৰ বাবে বাতৰি বুলেটিনখন সম্পাদনাৰে প্ৰস্তুত কৰা হৈছিল। লিখি উলিওৱা বুলেটিনৰ প্ৰয়োজনীয় কপি টাইপ কৰি উলিওৱা হৈছিল আৰু অৰুণাচলী ঘোষক ঘোষিকা তথা বাতৰি পঢ়োতাসকলে পুৱা আৰু বিয়লি সংগ্ৰহ কৰি নিজ নিজ ভাষালৈ অনুবাদ কৰি লেপেটকটাস্থিত transmitter ৰ অস্থায়ী ষ্টুডিঅ’ত গৈ পঢ়িছিল। ষ্টুডিঅ’লৈ কেন্দ্ৰৰ গাড়ীৰে তেওঁলোকক অনা নিয়া কৰিছিল।   

বাতৰি বুলেটিনৰ উপৰি সাময়িক একোটি বিষয়ৰ ওপৰত দুই তিনি মিনিতৰ একোটি Commentary ও ইংৰাজীতে প্ৰস্তুত কৰি দিয়া হৈছিল। সেইটোও অনুবাদ কৰি নিজ নিজ ভাষাৰ বাতৰি পঢ়াৰ শেষতে পঢ়িব লগিছিল। 

দহটা অৰুণাচলী ভাষাত প্ৰচাৰ কৰা বাতৰি বুলেটিনৰ অন্তৰ্গত আছিল – আদি, আপাটানি, নিছি, ৱাংচু, নক্তে, টাংচা. ইদু, মিজো-মিচিমি, খামটি আৰু টাগিন। ইয়াৰ ভিতৰত সাতটা ভাষাত বাতৰি প্ৰচাৰ হৈছিল বিয়লি বেলাত আৰু তিনিটা ভাষাত বাতৰি প্ৰচাৰ হৈছিল পুৱা বেলাত। ইটানগৰত আকাশবাণী কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত পৰ্যায়ক্ৰমে বাতৰি প্ৰচাৰ কাৰ্যসূচী ডিব্ৰুগড়ৰৰ পৰা ইটানগৰলৈ স্থানান্তৰ হয়।    

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সংবাদদাতা শ্ৰী চি আৰ মণ্ডলৰ পিছত ১৯৭২ চনত শ্ৰীবিৰাজ দাস সংবাদদাতাৰূপে ডিব্ৰুগড় কেন্দ্ৰৰ বাতৰি বিভাগত যোগ দিয়েহি। ইয়াৰ পিছত সহকাৰী বাতৰি সম্পাদক শ্ৰীপুলিন চাংককতিৰ ঠাইত শ্ৰীঅশ্বিনী কুমাৰ বৰুৱা উপ সম্পাদকৰ পৰা পদোন্নতি লাভ কৰ সহকাৰী বাতৰি সম্পাদকৰ কাৰ্যভাৰ গ্ৰহণ কৰে। অশ্বিনী বৰুৱাৰ ঠাইত হৰেকৃষ্ণ দাসে উপ সম্পাদকৰূপে যোগ দিয়ে। বিৰাজ দাস বদলি হোৱাত হৰেকৃষ্ণ দাসে পদোন্নতি লাভ কৰি সংবাদদাতাৰ কাৰ্যভাৰ গ্ৰহণ কৰে। অশ্বিনী বৰুৱা ১৯৮০ চনত বদলি হৈ যোৱাত কিছুদিন সহকাৰী বাতৰি সম্পাদকৰ পদটো খালী হৈ থাকে, উপ সম্পাদকৰ এটা পদো খালী থাকে। উল্লেখ কৰা প্ৰয়োজন যে সম্পাদকৰ পদত কেৱল (CIS) কেন্দ্ৰীয় তথ্য সেৱা, পিছলৈ IIAS (Indian Information & Allied Service) কেদাৰৰ পৰা মন্ত্ৰালয়ে (I&B) নিযুক্তি দিয়ে। কিন্তু ভাৰতীয় লোকসেৱা আয়োগে কিছুবছৰ প্ৰাৰ্থী দিব নোৱাৰা বাবে খালী হোৱা পদকেইটা পূৰণ হোৱা নাছিল। অৱশ্যে অন্য বিভাগত Deputation ৰ দ্বাৰা কিছুমান পদ পূৰণ কৰা হৈছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বাতৰি বিভাগে সেই কাৰণে অংশকালীন ভিত্তিত প্ৰাৰ্থীৰ নিযুক্তিৰে কাম চলাব লগা হৈছিল। বৰ্তমানো সেই এক পদ্ধতিৰেই কিছুমান কাম চলি আছে।

ইতিমধ্যেই ডিব্ৰুগড়ৰ সচেতন নাগৰিকসকলে ডিব্ৰুগড় কেন্দ্ৰ যোগে অসমীয়া আঞ্চলিক বাতৰি বুলেটিন প্ৰচাৰৰ পোষকতা কৰি কেবাবাৰো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। সেই সকলৰ ভিতৰত প্ৰয়াত বিপিন বৰগোহাঞিদেৱে অগ্ৰণী ভূমিকা লৈছিল।

এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যে ডিব্ৰুগড় কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি বুলেটিন প্ৰচাৰৰ অনুমতি পোৱা হোৱা নাছিল যদিও কেন্দ্ৰৰ বাতৰি বিভাগে ‘সংবাদ প্ৰতিধ্বনি’ নামেৰে পোন্ধৰ মিনিটীয়া অনুষ্ঠান এটি সপ্তাহত এদিনকৈ যুগুত কৰি নিয়মীয়াকৈ প্ৰচাৰ কৰিছিল। উজনী অসমৰ উত্সৱ পাৰ্বণ, গুৰুত্বপূৰ্ণ সভা সমিতি, সাময়িক ঘটনা প্ৰবাহ, চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি, ৰাজনৈতিক নেতা, প্ৰবীণ মন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীৰ উজনি অসম ভ্ৰমণ কালত সভা সমিতিত দিয়া ভাষণ, সাক্ষাত্কাৰ আদি, ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়া প্ৰতিৰোধৰ কাম কাজ আদি বিষয়ক সাক্ষাত্কাৰ, অসম সাহিত্য সভাৰ অধিবেশন, বিভিন্ন ধৰ্মীয় তথা সামাজিক উত্সৱ যেনে- ইদোদজুহা, খ্ৰীষ্টমাছ, দূৰ্গা পূজা, মে দাম মেফি, আলি আয়ে লৃগাং, মজদুৰসকলৰ কৰম পূজা, শংকৰদেৱৰ জন্মোত্সৱ আদিৰ প্ৰয়োজনীয় অংশবিশেষ থলিতে বাণীবন্ধন কৰি আনি সম্পাদিত ৰূপত প্ৰচাৰ কৰা হৈছিল। এই কামৰ বাবে প্ৰয়োজনত কেন্দ্ৰ সঞ্চালকে যাতায়তৰ বাবে কেন্দ্ৰৰ গাড়ী নহ’লে ভাৰা টেক্সী যোগান ধৰি সহয় কৰিছিল। অৰুণাচলৰ বিধানসভা উদ্বোধনী সমাৰোহৰ সংবাদ সংগ্ৰহৰ বাবে তাত্ক্ষণিকভাৱে যাব লগা হোৱাত সংবাদদাতা বিৰাজ দাস আৰু এই লেখকক লীলাবাৰীলৈকে উৰা জাহাজত যাবৰ বাবেও অনুমতিৰে সহায় কৰিছিল। এই কামত যথেষ্ট কষ্টও কৰিব লগা হৈছিল। কেতিয়াবা গুৰুত্বপূৰ্ণ বাতৰি থাকিলে বিশেষকৈ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ ভ্ৰমণ কাৰ্যসূচীৰ বাতৰি লগে লগেই আকাশবাণী দিল্লীলৈ প্ৰেৰণ কৰিবলগীয়া হয়। তেতিয়া আজিৰ দৰে Fax বা Internet, Email আদিৰ ব্যৱস্থা নাছিল। টেলিগ্ৰাম কৰিবলৈকো কেতিয়াবা বহু সময় লাগিছিল। ম’বাইল ফোন নাছিল। ফোনৰ সুবিধা থকা ঠাই বিচাৰি ল’ব লগাত তাতো সময় লাগিছিল। আকৌ কেতিয়াবা ঘূৰি আহি আকাশবাণী কেন্দ্ৰ পাওঁতে সন্ধিয়া সাত আঠটা বাজে। বাহিৰে বাহিৰে গৈ ষ্টুডিঅ’ত সম্পাদনা কৰি বেলেগ টেপলৈ নি সেইদিনাই বিশেষ সংবাদ প্ৰতিধ্বনি প্ৰচাৰ কৰি ঘৰলৈ আহোঁতে ১০-১১ বাজি যায়। ভাৰতীয় তৈল নিগম, তেল গেছ আয়োগৰ বিভিন্ন ক্ষেত্ৰ পৰিদৰ্শন আৰু উত্পাদনৰ ৰেহ ৰূপ আদি বিষয়ৰ সংবাদ আহৰণ, শীৰ্ষ বিষয়াৰ সৈতে হোৱা বাতৰি বিভাগৰ সাক্ষাত্কাৰ আদিৰ বাতৰি দিল্লী গুৱাহাটী কেন্দ্ৰক যোগান ধৰা হয় আৰু ‘সংবাদ প্ৰতিধ্বনি’তো থলিতে বাণীবন্ধন কৰা অংশবিশেষ প্ৰচাৰকৰা হয়।

১৯৯৪ চনত শ্ৰী এন এল বৰুৱাই আকাশবাণী ডিব্ৰুগড়ৰ আঞ্চলিক বাতৰি বিভাগত বহুদিন খালী হৈ থকা সহকাৰী বাতৰি সম্পাদক পদত যোগদান কৰে। ১৯৮০ চনত অশ্বিনী বৰুৱা বদলি হৈ যোৱাৰ পিছত কিছু বছৰৰ বাবে সেই পদটোৰ দায়িত্ব ডেপুটেশ্বনত অহা ৰাজ্য চৰকাৰৰ বিষয়া মাখন ফুকনে লৈছিল। মাখন ফুকন নিজ বিভাগলৈ ঘূৰি যোৱাৰ পিছত আঞ্চলিক বাতৰি বিভাগটোৰ দায়িত্ব ১৯৯৪ চনলৈ সংবাদদাতা হৰেকৃষ্ণ দাসৰ হাততেই আছিল। এন এল বৰুৱাই যোগদান কৰাৰ পিছত তেওঁৰ বদলি হয়। 

১৯৯৬ চনত ডিব্ৰুগড়লৈ আহোত তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দৰ কুমাৰ গুজৰালে ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আকাশবাণী ডিব্ৰুগড়ৰ পৰা এখন অসমীয়া বাতৰি বুলেটিন প্ৰচাৰৰ বাবে অনুমোদন জনোৱা হ’ব বুলি আশ্বাস দিয়ে আৰু সেইমৰ্মে ১৯৯৭ চনৰ জুন মাহৰ এঘাৰ তাৰিখৰ পৰা বৰ্তমানে সন্ধিয়া ছয় বজাত প্ৰচাৰিত পাঁচ মিনিটীয়া আঞ্চলিক বাতৰি বুলেটিনখনৰ সম্প্ৰচাৰ আৰম্ভ হয়। প্ৰথম বাতৰি বুলেটিনখন আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ নিয়মীয়া শিল্পী গোটৰ সু-কণ্ঠৰ অধিকাৰী চৈয়দ চাদুল্লাই পঢ়িছিল। ইতিমধ্যে ১৯৯৬ চনৰ ৩১ ডিচেম্বৰৰ পৰা অৰুণাচলৰ জনগোষ্ঠীয় অনুষ্ঠানবোৰ সম্পূৰ্ণৰূপে ইটানগৰলৈ স্থানান্তৰিত কৰা হৈছিল। 

এইখিনিতে আৰু এটা কথা উনুকিয়াব খুজিছোঁ যে আমি বাতৰি বিভাগত কাম কৰা পৰিবেশতকৈ আজি বাতৰি বিভাগৰ কাম কৰা পৰিবেশৰ বহু উন্নতি হৈছে। আজি ইলেকট্ৰনিক সা- সৰঞ্জাম যেনে – Computer, FAX, Email, Internet আদিৰে বাতৰি বিভাগৰ কাম-কাজৰ বুনিয়াদী সা-সুবিধা বাঢ়িছে। কিছু বছৰৰ আগলৈকে টেলিগ্ৰামহে সাধাৰণতে ব্যৱহাৰ কৰা হৈছিল। পিছলৈ অৱশ্যে UNI আৰু PTI ৰ দুটা প্ৰিণ্টাৰ আৰু ফেক্স যন্ত্ৰটি লাভ কৰাত বাতৰি সংগ্ৰহ আৰু সৰবৰাহত কিছু সুবিধা হৈছিল। বিভিন্ন বাতৰি আৰু সংবাদ প্ৰতিধ্বনিৰ সমল আহৰণৰ বাবে Nipon Portable টেপ ৰেকৰ্ডাৰ প্ৰয়োজনত নিব লগীয়া হৈছিল বাণীবদ্ধ কৰিবৰ বাবে। লাহে লাহে কেছেট ৰেকৰ্ডাৰ যোগান ধৰাত সহযোগী নোহোৱাকৈও বাতৰি আৰু সংবাদ প্ৰতিধ্বনিৰ সমল সংবাদদাতাই বা উপ সম্পাদকে বাণীবদ্ধ কৰি সংগ্ৰহ কৰিব পাৰিছিল।

দেশৰ জৰুৰীকালীন অৱস্থাত চৰকাৰৰ নিৰ্দেশ মৰ্মে সংবাদধৰ্মী ‘এক মিনিটৰ নাটক’ শীৰ্ষক এটি অনুষ্ঠান প্ৰচাৰ কৰা হৈছিল। এই অনুষ্ঠানটিত বাতৰি বিভাগৰ অশ্বিনী বৰুৱা আৰু এই লেখকে সৰু সৰু নাটক লিখি যোগান ধৰিছিল।

আৰু এটি কথা উনুকিয়াব খুজিছোঁ যে অসমীয়া বাতৰি বুলেটিনৰ অনুমোদন লাভ কৰা বহু পুৰ্বেই বাংলাদেশৰ যুদ্ধৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বাতৰি বিভাগে পাঁচ মিনিটীয়া এখন জৰুৰী অসমীয়া বুলেটিন প্ৰচাৰ কৰিব লগা হৈছিল। যুদ্ধৰ গতি বিধিৰ ওপৰত যুগুতোৱা বুলেটিনখন এই লেখকেই লেপটকটাস্থিত ষ্টুডিঅ’লৈ গৈ পাঠ কৰিব লগা হৈছিল। অৱশ্যে যুদ্ধ হোৱাৰ লগে লগে এই বাতৰি প্ৰচাৰো বন্ধ হৈ গ’ল। এই জৰুৰী বাতৰি বুলেটিনখন মাত্ৰ পাঁচ দিনহে প্ৰচাৰ কৰা হৈছিল।  

Stay up-to-date

Related Post

Listeners of an earlier era still fondly recall waiting eagerly for the broadcast of immensely popular plays and serials from the AIR Guwahati Centre. In the 1960s, eminent playwright Dr. Bhubendra Nath Saikia made invaluable contributions along with noted dramatists like Prafulla Bora, Ghana Hazarika, Mahendra Barthakur, Arup Barthakur, Akhil Chakravarty, and the versatile Arun Sarma.

Since my relationship with All India Radio began through modern songs and through my interactions with singers, lyricists, and composers, I would like to briefly discuss the role that All India Radio has played in the creation, development, and popularity of Assamese modern songs.

Thus this way Lakshyaheera earned her nicknames ‘Sanu’, ‘Posaki’ etc. In the wonderful environment of Sualkuchi Lakshyaheera grew up. She spent her childhood in the centre of vaishnavite culture and tradition at Barpeta and the cultural capital of Assam- Tezpur.

Ritha Devi with Grandfather Lakshminath Bezbaroa

Ritha Devi was also the first woman to have been taught the sacred Sattriya Nritya of Assam, and the first dancer to take it out of Assam and out of India. She has also studied some other traditional dances of Assam, like the Deodhani and the Deonati, which were almost on the verge of extinction, and was again the first dancer to showcase them in the international platform.